সামাজিক পৰিবর্ত্তন আৰু দ্বা-বিংশ শতিকাৰ ভাৰতীয় নাৰী: জীৱনৰ ৰং সন্ধানৰ পৰা আত্মহননলৈ

 

সামাজিক পৰিবর্ত্তন আৰু দ্বা-বিংশ শতিকাৰ ভাৰতীয় নাৰী: জীৱনৰ ৰং সন্ধানৰ পৰা আত্মহননলৈ


১: প্ৰস্তাৱনা

নাৰী মানৱজাতিৰ আয়ুসৰেখা ।  নাৰীৰ অবিহনে পৃথিৱীত সৃষ্টিৰ গতিশীলতা কোন দিশে ধাৱমান হ’ব তাক অনুমান কৰিব নোৱাৰি ।  নাৰীৰ অবিহনে নাথাকিব জীৱন অথবা  নাথাকিব কোনো সমাজ ।মানৱ জাতিৰ সৃষ্টিৰ ঘাই শিপাডালেই হৈছে নাৰী। নাৰী অবিহনে পৃথিৱীৰ সকলো অস্তিত্বহীন, অন্তঃসাৰশূন্য।  নাৰীক সৃষ্টিৰ মূল চালিকা শক্তি হিচাপে গণ্য কৰা হয়। এটা সিকিৰ দুটা ফালৰ দৰে নাৰী আৰু পুৰুষ পৃথিৱীৰ এক অবিচ্ছেদ্য অংগ। নাৰী অবিহনে পৃথিৱীত এখন সফল সমাজ গঢ় দিব নোৱাৰি। ফুলৰদৰেই কোমল নাৰীৰ জীৱনটো সংঘাত বিহীন কৰি সৰ্বগুণেৰে অলংকৃত কৰি আগুৱাই নিয়াত আমাৰ সমাজ আৰু অভিভাৱকসকলৰ দায়িত্ব অপৰিসীম। নাৰীক কোৱা হ’য় মমতাময়ী,  কৰুণাময়ী ।  আদৰ্শ, দয়া, মমতা, সহনশীলতা, ধৈৰ্য, ত্যাগ আদি বিভিন্ন গুণৰ অধিকাৰী নাৰী।  বৈদিক যুগৰে সমাজে পৰা নাৰীক সমাজত উচ্চ স্থান দি আহিছে ।  হিন্দু ধর্মত নাৰীক দেৱী ৰূপে পূজাও কৰা হ’য় , যাৰ কাৰণে গোৱা হয় যে-

“য়া দেবী সর্বভূতেষু বিষ্ণুমায়েতি শব্দিতা ।

নমস্তস্যৈ  নমস্তস্যৈ  নমস্তস্যৈ নমো নমঃ” ।

    নাৰীক যদিও নানান বিভূষণেৰে বিভূষিত কৰিবলৈ যোৱা হৈছে , পৰিতাপৰ বিষয় যে পুৰুষৰ সমানে আগবাঢ়ি যোৱাৰ বাটত প্ৰতিগৰাকী নাৰীয়ে সমাজত শাৰীৰিক, মানসিকভাৱে বহুতো বাধাৰ সন্মুখীন হ’ব লগা হয় আৰু যাৰবাবে আমি নিজকে সুসভ্য জাতি বুলি পৰিগণিত হ’ব পৰা নাই। নাৰীৰ সবলীকৰণৰ নামত, নাৰীৰ সুৰক্ষা, নাৰীৰ নিৰাপত্তাৰ নামত সমগ্ৰ দেশতে ঢাক ঢোল বজাই থকাৰ সময়চোৱাতো প্ৰতিদিনে নিৰ্য্যাতনৰ ঘটনা যি হাৰত বাঢ়ি আহিছে, প্ৰতিদিনে ঘটি থাকে নাৰী নিৰ্য্যাতনৰ লজ্জাজনক ঘটনাবোৰ। নাৰীৰ সুৰক্ষাৰ নামত, অধিকাৰৰ নামত বহু আইন প্ৰনয়ণ কৰা হৈছে, কিন্তু আশ্চর্য্যজনক কথা যে এই সাংবিধানিক অধিকাৰ সমূহ, আইন সমুহৰ পৰা নাৰী কিয় সুৰক্ষিত নহয় !!

২: বিষয় বস্তুৰ গুৰুত্ব

    বিশ্ব মানৱ অধিকাৰ আয়োগৰ ঘোষণা-পত্ৰৰ নির্দেশ অনুসৰি প্রত্যেক মানৱ শিশুৰে সমঅধিকাৰ জন্মগত অধিকাৰ যদিও আজিৰ এই বিজ্ঞান-প্রযুক্তিবিদ্যাৰ যুগতো লিংগভিত্তিক বৈষম্য সকলোতে দেখা পোৱা যায় । মহিলা হিচাপে জন্ম লোৱাৰ বাবে পৃথিৱীৰ মুঠ জনসংখ্যাৰ এক বিশেষ সংখ্যক লোক নিষ্পেষিত, নির্যাতিত আৰু অৱহেলিত হ’ব লগা হৈছে । মাতৃগৰ্ভৰ পৰা অন্তিম শয়নপর্যন্ত মহিলাসকল সম অধিকাৰতো বাদেই, বিভিন্নভাৱে পুৰুষতান্ত্ৰিক সমাজত বৈষম্যমূলক আচৰণৰ বলি হ’বলগীয়া হৈছে। ভ্ৰূণ হত্যা, ধর্ষণ, অপহৰণ, যৌতুক দাবী, ঘৰুৱা হিংসা, নাবালিকা ধর্ষণ, কর্মস্থানত যৌন নির্যাতন ইত্যাদি অপৰাধ নিতৌ বৃহৎ সংখ্যাত সংঘটিত হ’বলৈ লৈছে। কর্মস্থান, ৰাজহুৱা স্থান, শিক্ষানুষ্ঠান, যান-বাহন, আনকি নিজৰ ঘৰখনতো আজিৰ মহিলা (ফুলকুমলীয়া শিশুৰ পৰা ৭০ বছৰীয়া বৃদ্ধলৈকে) সুৰক্ষিত নহয়। হত্যা, ভ্ৰূণ হত্যা আজিও সমাজত প্রচলিত । কানাডাৰ এক স্বীকৃতিপ্রাপ্ত চিকিৎসা আলোচনী "লেনচেট’’ত ২০০৫ চনত ভাৰতীয় বংশোদ্ভৱৰ এজন চিকিৎসকে প্রকাশ কৰে যে ১৯০০ চনৰ শেষ দুটা দশকতে কেৱল ভাৰততে প্রায় ১০ নিযুত কন্যা ভ্ৰূণ হত্যা কৰা হৈছে।

নাৰীৰ ওপৰত  চলা এই অন্যায়ৰ বাবে  স্বাধীন ভাৰতৰ চৰকাৰে নাৰীৰ সুৰক্ষাৰ বাবে আইন প্রণয়ন কৰি সমাজত নাৰীক সুৰক্ষা দিয়াৰ মনোভাব প্রদর্শন কৰিছে যদিও  ইয়াক কার্যকৰী কৰাৰ ক্ষেত্ৰত পুৰুষতান্ত্রিক সমাজৰ প্ৰভাৱৰ পৰা মুক্ত নোহোৱাৰ বাবে আইনসমূহ দুর্বল আৰু ত্রুটিপূর্ণ যেন অনুমান হয়।

    হিন্দু উত্তৰাধিকাৰী আইন (১৯৫৫),হিন্দু বিবাহ আইন (১৯৫৬),বাল্য বিবাহ আইন  (১৯৭৬), সতী প্রতিৰোধক আইন (১৯৮৭), ঘৰুৱা হিংসা আইন (২০০৫),কর্মক্ষেত্ৰত যৌন নির্যাতন প্রতিৰোধ আইন (২০১৩) ইত্যাদি প্রণয়ন কৰা হৈছে যদিও কোনো এখন আইনেই বিশেষভাৱে সফল হ’ব পৰা নাই। উদাহৰণস্বৰূপে হিন্দু উত্তৰাধিকাৰী আইন (১৯৫৬), হিন্দু বিবাহ আইন (১৯৫৫) এই দুয়োখন আইন আপাতদৃষ্টিত যদিও মহিলা সুৰক্ষাৰ বাবে প্রণয়ন কৰা যেন লাগে, প্রকৃতাৰ্থত ই পুৰুষৰ বাবেহে অধিক সুবিধাজনক হৈছিল। এই আইনে বিবাহ চৰকাৰীভাৱে পঞ্জীভুক্ত কৰাটো বাধ্যতামূলক নকৰি পৱিত্ৰ অগ্নিসাক্ষীৰ ওপৰত গুৰুত্ব দি মহিলাৰ বিবাহক ভেটি দুৰ্বল কৰি বহু বিবাহক আওপকীয়াভাৱে সহায় কৰিছে আৰু বিবাহিত মহিলায়ো সম অধিকাৰৰ কথা চিন্তা নকৰি স্বামীৰ অনুগত হৈ নিজৰ প্রাপ্য সম্পত্তিৰ অধিকাৰৰ পৰাও বঞ্চিত হৈছিল। ফলস্বৰূপে হিন্দু উত্তৰাধিকাৰী আইনখনত সম্পূর্ণভাৱে নিম্প্রভ হৈ পৰিছিল। কিন্তু ২০০৫ চনত যদিও এই আইনক পুনর্জীবিত কৰা হ’ল, তথাপি বহু ক্ষেত্ৰত এই আইনে স্বামী আৰু তেওঁ পৰিয়ালৰ অনুকূলে থকা যেন বিবেচিত হয়। এই আইনৰ ১৫নং অনুচ্ছেদৰ মতে কোনো আঢ্যৱন্ত মহিলাৰ যদি ইচ্ছাপত্ৰ তৈয়াৰ নকৰাকৈ মৃত্যু হয় আৰু তেওঁৰ যদি স্বামী বা সন্তান নাথাকে। তেতিয়াহ’লে তেওঁৰ পিতৃগৃহত সম্বন্ধীয় লোকৰ পৰিৱৰ্তে স্বামীৰ আত্মীয়হে তেওঁৰ সম্পত্তিৰ গৰাকী হয়। আনহাতে, আজিও পিতৃ-মাতৃয়ে নিজ কন্যাক সম্পত্তিৰ ভাগ দিয়াতকৈ পুত্ৰসকলক দিয়াতহে অধিক গুৰুত্ব দিয়ে। এনে ক্ষেত্ৰত পিতৃ-মাতৃ আৰু কন্যা উভয়পক্ষই সমানভাৱে জগৰীয়া, কাৰণ পিতৃ-মাতৃয়ে কন্যাক সম্পত্তি দিয়াৰ প্ৰয়োজন অনুভৱ নকৰে আৰু কন্যাই পৈতৃক সম্পত্তিৰ দাবী নকৰে।

    মহিলাৰ সুৰক্ষাৰ  আইনসমূহ  বহুক্ষেত্ৰত আসোঁৱাহপূৰ্ণ আৰু সেইবোৰ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰতো ত্ৰুটি দেখা যায়। যৌতুকবিৰোধী আইন, ১৯৬১ আৰু লগতে বিবাহ বিচ্ছেদ হোৱা মহিলাৰ সুৰক্ষা সম্বন্ধীয় চৰকাৰী সুৰক্ষা আঁচনিসমূহ যথেষ্ট দুর্বল। যৌতুক আইনত কেনে ধৰণৰ বস্তুসমূহক যৌতুক বোলা হয় সেই সম্বন্ধে মতবিৰোধ দেখা যায় আৰু তদুপৰি কন্যাৰ পক্ষৰ দুর্বল স্থিতিৰ বাবে এই আইন কার্যকৰী কৰা কঠিন হৈ পৰে।

    আনহাতে, বিবাহ বিচ্ছেদৰ ক্ষেত্ৰতো মহিলাই নিজক আন পুৰুষৰ লগত কোনো সম্বন্ধ নথকা বুলি প্রমাণ কৰিব পাৰিলেহে স্বামীৰ পৰা ভৰণ-পোষণ পোৱাৰ সম্ভাৱনা থাকে। আকৌ এনে মহিলাই সন্মুখীন হোৱা আন এটা সমস্যা হৈছে যে ন্যায়ালয়ে মহিলাগৰাকীৰ সপক্ষে ৰায়দান কৰাৰ পিছতো বিচ্ছেদিত স্বামীৰ পৰা ধন আদায় কৰাটো মহিলাগৰাকীৰ পক্ষে যথেষ্ট অসুবিধাজনক। এইক্ষেত্ৰত প্রায়ে দেখা যায় নে প্রথম দুই-তিনি মাহমান নিয়মিতভাৱে ধন আদায় দিয়াৰ পিছত আচামীয়ে ধন দিয়া বন্ধ কৰে আৰু মহিলাগৰাকীৰ হাততো প্রাপ্য ধন মোকলাই অনাৰ কোনো উপায় নাথাকে আৰু নায়ালয়ে এইক্ষেত্ৰত নিস্ক্রিয় ভূমিকা পালন কৰা দেখা যায়। এনেবোৰ সমস্যাৰ পৰিপেক্ষিতত আমি বিশ্ব নাৰী দিৱস উদযাপন কৰাৰ ওপৰিও  নাৰীৰ সমস্যা সমূহৰ বিষয়ে পুংখানুপুংখভাবে আলোচনা কৰাতো অতি জৰুৰী হৈ পৰিছে ।

৩: পদ্ধতি

    সামাজিক পৰিবর্ত্তন আৰু দ্বা-বিংশ শতিকাৰ ভাৰতীয় নাৰী: জীৱনৰ ৰং সন্ধানৰ পৰা আত্মহননলৈ শীৰ্ষক লেখাটি প্ৰস্তুত কৰিবৰ কাৰণে বিশ্লেষণাত্মক পদ্ধতি গ্ৰহণ কৰা হৈছে । নাৰী বিষয়ক বিভিন্ন সমালোচনাবোৰ অৱগত হবৰ কাৰণে নাৰী বিষয়ক লিখনি সমূহ অধ্যয়ণ কৰাৰ লগতে নাৰী আৰু আইন সম্পৰ্কীয় কথা বিলাক জানিবৰ কাৰণে আইন সম্পৰ্কীয় লেখা সমূ্হৰ সহায় লোৱা হৈছে ।

৪: বিষয়বস্তুৰ আলোচনা

৪.১: নাৰীৰ প্ৰতি বিভিন্ন মনিষীৰ মন্তব্য

    নাৰীৰ বিষয়ে কবলৈ গৈ বিভিন্ন সময়ত বিভিন্ন মনিষীয়ে  নানান মন্তব্য দাঙি ধৰিছে । স্পেনিচ লেখক চাৰ্ভেণ্টিছে এজন সাধাৰণ পুৰুষৰ দৃষ্টিভঙ্গীৰে অভিমত দি কৈছিল  যে সকলো নাৰীয়েই ভাল, কিন্তু তাৰে ভিতৰত কিছুমান অকৰ্মন্য আৰু কিছুমান দুই-এটি বিশেষ কামৰ বাবেহে উপযুক্ত । অর্থাৎ সকলো নাৰীকে পাৰদর্শী বুলি কব পৰা নাযায়। জেন আস্তিনে মন্তব্য আগবঢ়াইছিল যে যেতিয়া এগৰাকী নাৰীয়ে সকলো জানো বুলি কয় তেতিয়া তাক গোপনে ৰখাই উচিত। কাৰণ নাৰী গৰাকীয়ে আচলতে নাজানে যে নিজে কি জানে ।  অস্কাৰ ৱাইল্ডৰ পৰা মহান নাট্যকাৰ শ্বেইক্সপীয়েৰলৈকে বেছিভাগে নাৰীৰ সপক্ষে কোৱাতকৈ বিৰুদ্ধেহে কয়। বিভিন্ন সময়ত তেখেত সকলৰ জীৱনত নাৰীকলৈ হোৱা অসুবিধা বিলাকৰ কাৰণে তেখেতলোকৰ মনত নাৰীৱ প্ৰতি তেনে ভাবে দেখা দিছিল।  প্ৰকৃতপক্ষে নাৰী  অনেক সমালোচনাৰ সন্মুখীন হ’বলগীয়া হয়, লগতে মুখা-মুখী হ’ব লগা হ’য় কিছুমান অনাকাংখিত সমস্যাৰ । যাৰ কাৰণে বহুত সময়ত নাৰীক মানুহে বুজি পাবলৈ সমর্থ হোৱা নাছিল আৰু আগবঢ়াইছিল কঠোৰতম মন্তব্য ।  চেমুৱেল বাটলাৰৰ মতে— দস্যুৱে তোমাৰ ধন-সোণ বা জীৱন দাবী কৰে আৰু নাৰীয়ে সেই দুয়োটাকে দাবী কৰে। তেওঁ আকৌ সংযত হৈ ক’ব খোজে— যদি ঈশ্বৰে নাৰীক পুৰুষৰ সহায়কাৰী বুলি গণ্য কৰে, তেনেহ’লে তেওঁক পুৰুষৰ বিষয়ে হীন মন্তব্য দিয়া বুলি ক’ম। কংগ্ৰিভে ৰসিকতা কৰি নাৰীক উপদেশ দিয়াৰ চলেৰে কৈছিল যে — তুমি নাৰী, তুমি ভবা কোনো কথা কেতিয়াও নক’বা। তোমাৰ কথা তোমাৰ ভাবৰ বিপৰীতে যাব বা তোমাৰ কাম তোমাৰ কথাৰ বিপৰীতে যাব। আলেকজেণ্ডাৰ ডুমাই অনুভৱ কৰে যে যি নাৰীয়ে প্ৰায়ে আমাক মহৎ কাম সম্পাদন কৰিবলৈ অনুপ্ৰেৰণা যোগায়, সেই নাৰীয়েই আকৌ সেই কাম সম্পূৰ্ণ কৰাত বাধাও জন্মায়। হলি বাৰ্টনে কয় যে প্ৰতিগৰাকী নাৰী নকন্দালৈকে শুদ্ধতকৈ দোষীহে। জৰ্জ ইলিয়টে তেওঁক সমথৰ্ন কৰি কয় যে নাৰীয়ে একে সময়তে দুটা চিন্তা কৰে আৰু সেই চিন্তা পাছত হ’বগৈ পাঁচটা, যদিহে কান্দি থাকে বা বিৰক্ত হয়। ডন হেৰল্ডে স্বীকাৰ কৰে যে নাৰীয়ে আমাক শান্তি আৰু সুখ দিয়ে, কিন্তু লগতে কয় যে যদি সেইটো নাৰীৰ বাবে নহ’লহেঁতেন, আমি শান্তি বিচৰাৰ আৱশ্যকেই নহ’লহেঁতেন। লেডি মণ্টেগুৱে অভিমত দি কয়— নাৰী হৈ মই ভাবোঁ যে মই এজন পুৰুষ বিয়া কৰাই বিপদত নপৰোঁ। দাৰ্শনিক নিৎচেই বিৰক্তিৰ ভাবেৰে কয় যে নাৰী আছিল ভগৱানৰ দ্বিতীয় ভুল। প্ৰথম ভুল পুৰুষ আছিল নেকি— এই চিন্তা কৰিলে আমি বিমোৰত পৰোঁ। নাৰীৰ ধৰ্মজ্ঞান সমালোচনা সাপেক্ষ। চফি আৰ্নল্ডে দাবী কৰে যে নাৰীয়ে কেৱল তেতিয়াহে ঈশ্বৰত নিজকে অপৰ্ণ কৰে, যেতিয়া চয়তানে তেওঁলোকৰ পৰা বিশেষ একো নিবিচাৰে। নাৰীৰ চঞ্চলতাই চাৰ্ভেণ্টিছৰ চিন্তাৰ বিষয়, কিয়নো তেওঁ কয় যে নাৰীৰ ‘হয়’ আৰু ‘নহয়’ৰ মাজত মই কোনোটোতে গুৰুত্ব নিদিওঁ। নিজৰ ৰূপ সম্পৰ্কে নাৰীৰ ভয়ানক দুৰ্বলতাৰ কথা কৈ চেমফৰ্টে কয় যে যদি এগৰাকী নাৰী ফাঁচীকাঠত ওলমিবলৈ আগবাঢ়ে, সেই সময়তো তেওঁ মুখত প্ৰসাধন কৰিবৰ বাবে কিছু সময় হ’লেও বিচাৰিব। নাৰীৰ অতি কথকী গুণৰ বিষয়ে ক’বলৈ গৈ চাপমেনে মন্তব্য দিয়ে যে এজন পুৰুষৰ অন্তৰ মৃত্যুৰ সময়ত ব্যাকুল হয়, কিন্তু নাৰীৰ ব্যাকুল হয় জিভাখনহে। মেৰী লিটনে লগতে কয় যে নাৰীৰ এটা ডাঙৰ স্বভাৱ হ’ল মৌনতা পছন্দ নকৰাটো। এডহৱে অনুভৱ কৰে যে এই পৃথিৱীত এটা বৰ জটিল সমস্যা হ’ল নাৰীক বুজোৱাটো; তাতো যেন ধন-সোণ লাগিব। তেওঁলোকৰ নাৰীসুলভ নিৰ্বুধিতা ইমান স্পষ্ট যে চেমুৱেল জনচনৰ মতে, নাৰীৰ মুখত ধৰ্মবাণী কুকুৰে পাছঠেঙত ভৰ দি খোজ কঢ়াৰ দৰে হাস্যাস্পদ। ডগলাচ জেৰল্ডে নাৰীৰ সকলো বদনামৰ বিৰুদ্ধে ঠিয় হৈ কয় যে প্ৰতিটো গোলাপতে কাঁইট আছে, কিন্তু তাৰ লগতে ক’ব খোজে যে আমি জিনজিননি বা সিৰসিৰণি অনুভৱ নকৰা নাৰী পোৱা অসম্ভৱ। চামফৰ্টৰ মতে, এগৰাকী ধুনীয়া নাৰী পুৰুষৰ চকু দুটিৰ বাবে স্বৰ্গ, আত্মাৰ বাবে নৰক আৰু ধন-সোণৰ বাবে বিশাল গহ্বৰ। এমব্ৰছ বিয়াৰ্চে অভিমত দিয়ে যে আমি পুৰুষসকল নাৰীৰ হাতৰ মুঠিত নোসোমোৱালৈকে তেওঁলোকৰ দুবাহুৰ মাজত সোমোৱাটো অসম্ভৱ কথা। ডুগলাচ এনিচালিয়ে দুখেৰে কয় যে তোমাৰ প্ৰতি সত্য-শুদ্ধ হ’লেও নাৰীক কেতিয়াও বিশ্বাস নকৰিবা। আৰভিন কবে সাৱধান কৰি ক’ব খোজে যে নাৰীয়ে বিৰাট ওক গছৰ সমান সকলো ক্ষমতা পাব বিচাৰে আৰু বিচাৰে ওলোমাই ৰখা আটাইবিলাক আঙুৰৰ থোপা। চাৰ্লচ স্পাৰ্জনে সাৱধান কৰি কয় যে ঘোঁৰাৰ পাছঠেং, কুকুৰৰ দাঁত আৰু নাৰীৰ জিভাখনৰ পৰা সাৱধানে থাকিব লাগে। নিক্সন দি লেংক্লচে নাৰী হৈয়ো কয় যে নাৰীৰ সৰলতাত আমি যাতে ঠগ নাখাওঁ। তেওঁ দাবী কৰে যে নাৰীৰ আপত্তিমূলক স্বভাৱ তেওঁৰ প্ৰকৃত স্বভাৱৰ সাক্ষ্য নহয়, সেয়া তেওঁলোকৰ চিৰন্তন অভিজ্ঞতাৰহে ফলশ্ৰুতি। ডেভিচে এক ডাঙৰ সিদ্ধান্ত আগবঢাই কয় যে নাৰীৰ পিছে পিছে দৌৰি অন্য জনক খুন্দা নামাৰিবা; তেওঁক ধৰিব পাৰিলেও তেওঁ তোমাৰ ক্ষতিহে কৰিব। অৱশ্যে আমেৰিকাৰ অভিনেতা জন বেৰিমুৰে তাৰ পৰা উদ্ধাৰ পোৱাৰ এটা উপায় দিছে। তেওঁ কৈছে, নাৰীৰ লগত যুঁজ দিব খুজিলে টুপিটোৰে যুঁজ কৰা আৰু পাছত টুপিটো হাতত লৈ তাৰ পৰা আঁতৰি পলোৱা। অস্কাৰ ৱাইল্ডে এক চোকা মন্তব্য দিছে যে যিমান দিন এগৰাকী নাৰীয়ে নিজৰ জীয়েকতকৈ দহ বছৰৰ সৰু যেন দেখুৱাব পাৰে, সিমান দিন তেওঁ সন্তুষ্টি লাভ কৰে। শ্বেইক্সপীয়েৰৰ মতে, দুগৰাকী নাৰীক এঠাইত লগ কৰি দিলে পৰিৱেশেই গোমা কৰি দিব। হৌচেজে দাবী কৰে যে নাৰী অবুজ আৰু যুক্তিহীন। তেওঁ ক্ষমা খোজে তেতিয়া, যেতিয়া তেওঁ নিজে দোষত পৰে। চাৰ কম্পটন মেকেঞ্জীয়ে কয় যে নাৰীয়ে এতিয়া পুৰুষৰ দৰে ব্যৱহাৰ কৰিবলৈ টান নাপায়, কিন্তু টান পায় ভদ্ৰ লোকৰ দৰে ব্যৱহাৰ কৰিবলৈ। হেনৰিক হেইনে কয় যে নাৰীৰ চৰিত্ৰ বুলি কোনো কথা নাই, কিয়নো তেওঁলোকে প্ৰতিদিনেই নতুন ৰূপ পৰিগ্ৰহ কৰিব পাৰে। চামফৰ্টে গুৰুত্বসহকাৰে কয় যে নাৰী ছাঁৰ দৰে,— তুমি তেওঁৰ পিছ লোৱা, তেওঁ পলাই যাব আৰু তুমি পলোৱা, তেওঁ তোমাৰ পিছ ল’ব। চেষ্টাৰ্টনে দাবী কৰে যে নাৰীয়ে সাম্য, মৈত্ৰী আৰু স্বাধীনতাৰ কথা বুজিব নোৱাৰে। জেমচ বেৰীয়ে নাৰীৰ অতিপাত হাঁহি-খিকিন্দালি লক্ষ্য কৰি ক’ব খোজে যে নাৰী ভগৱানৰ কামিহাড়েৰে তৈয়াৰী হোৱা নাছিল তেওঁলোক বাস্তৱিকতে তৈয়াৰী হৈছিল কিলাকুটিৰ হাড়েৰেহে। নাথানিয়েল গুবিনে দুখেৰে ক’ব খোজে যে তিনি ডোখৰ ঠাইত নাৰী পৰিত্যা— ক্লাৱঘৰ, মঠ-মন্দিৰ আৰু সমাধিস্থল। কিন্তু আৰ্নল্ড বেনেটে নাৰীক সমৰ্থন কৰি কয় যে এইটো গভীৰ সত্য যে লিংগ হিচাপে নাৰী মিছা আৰু তাৰ বিপৰীত লিংগ হিচাপে পুৰুষো মিছা। জোচেফ কনৰাডে নাৰীৰ সপক্ষে কয় যে নাৰী হিচাপে এইটো এটা জটিল কাৰবাৰ যে নাৰীয়ে সদায় পুৰুষৰ লগতে সম্পৰ্ক ৰক্ষা কৰি চলিব লাগে। হান্না কউলিয়ে নাৰী জাতিৰ বিষয়ে কয় যে নাৰী প্ৰকৃতিৰ সুন্দৰ ভুলবিলাকৰ ভিতৰৰে এটা ভুল। দাও হেৰল্ডে কয় যে নাৰীয়েই বেছি ভুল নকৰে, কাৰণ তাতোকৈ ডাঙৰ ভুল কৰা প্ৰাণী পৃথিৱীত অনেক আছে। 

৪.২: ভাৰতীয় সমাজত নাৰীৰ অৱস্থিতি

ভাৰতীয় দৰ্শন নাৰীৰ প্ৰতি অতীত কালৰে পৰা সন্মান প্ৰদৰ্শন কৰি আহিছে । প্ৰাচীন কালত ঋষি মুনি সকলেও নাৰীৰ শিক্ষাক আৱশ্যকীয় বুলি বিবেচনা কৰিছিল। বাল্মিকী মুনিয়ে ৰামৰ পুত্ৰ লৱ-কুশৰ লগত আত্ৰেয়ীক একেলগে  শিক্ষা দান কৰিছিল। নাৰীক পুৰুষৰ সমানে স্থান দিয়াৰ বাবেই  সম্ৰাট অশোকে বৌদ্ধধৰ্ম প্ৰচাৰৰ বাবে কন্যা সংঘমিত্ৰাক সিংহল দ্বীপলৈ পঠাইছিল ।  প্ৰাচীন ভাৰতত মুকলি বিশ্ববিদ্যালয়ত ল’ৰা-ছোৱালীয়ে একেলগে শিক্ষা লাভ কৰিছিল। ভাৰতৰ প্ৰাতঃস্মৰণীয় মহিলাৰ ৰূপত জিলিকি কীৰ্তিৰে নাম উজ্বলাইছে গাৰ্গী, আত্ৰেয়ী, মৈত্ৰেয়ী, সীতা, কুন্তী, দ্ৰৌপদী, মীৰাবাই, ঝান্সীৰ ৰাণী লক্ষ্মীবাঈ, জয়মতী, কনকলতা, ইন্দিৰা গান্ধী, সৰোজিনী নাইডু, কস্তুৰবা, বিজয়লক্ষ্মী পণ্ডিত, মাদাৰ টেৰেছা, পদ্মশ্ৰী নলিনীবালা দেৱী, নিৰ্মলপ্ৰভা বৰদলৈ, চন্দ্ৰপ্ৰভা শইকীয়ানী আদিয়ে। কল্পনা চাওলা আছিল প্ৰথম ভাৰতীয় মহাকাশচাৰী । অসমীয়া নাৰী মূলা গাভৰুৱে মুছলমান আক্ৰমনকাৰী সেনাৰ বিৰুদ্ধে যুঁজ দিছিল ।  বৰৰাণী ফুলেশ্বৰী কুঁৱৰীয়ে ৰাজ্য চলাইছিল। নাৰীৰ সেই সময়ত সন্মান, মৰ্যাদা অসীম আছিল।   


আজিৰ নাৰী উচ্চ পদবীধাৰী আৰু উচ্চ শিক্ষিত হৈ আত্ম-নিৰ্ভৰশীল হৈ পৰিছে। কন্যা সন্তানক বিদ্যা-শিক্ষা দিয়াত অভিভাৱকসকলে আগভাগ ল’ব লাগে। কাৰণ আমাৰ সমাজখন জ্ঞানী, বুদ্ধিমান, শিক্ষিত নাৰীৰ বাবে চিৰদিন প্ৰজ্বলিত হৈ থাকে। গুৰুত্বপূৰ্ণ কথা এগৰাকী ছোৱালীক শিক্ষা দিয়া। কাৰণ এগৰাকী ছোৱালীয়ে ভৱিষ্যতলৈ মাতৃৰূপে তেওঁৰ সন্তানক শিক্ষা দিব। এটি শিশুৰ আদি শিক্ষাগুৰু হ’ল তেওঁৰ মাতৃ। জাতিৰ পিতা মহাত্মা গান্ধীয়ে কৈছিল যে দেশৰ মংগলৰ অৰ্থে আৰু সমাজৰ কল্যাণৰ অৰ্থে নাৰীসকলে প্ৰধান ভূমিকা ল’ব পাৰে। নাৰীৰ ব্যক্তিত্ব বিকাশ, স্বাৱলম্বনৰ বাবে গৃহিনীসকলৰ অসম্পূৰ্ণ শিক্ষা সম্পূৰ্ণ কৰাত সমাজে গুৰুত্ব দিব লাগে। নাৰীসকলৰ মাজত লুপ্ত হৈ থকা প্ৰতিভাক প্ৰকাশ কৰি সমাজ আৰু পৰিয়ালৰ প্ৰতি বৰঙণি আগবঢ়োৱাত সকলোৰে দায়িত্ব আছে। দ্বিতীয় মহাসমৰৰ সময়ত নাৰীক কৰ্মোদ্যমী কৰি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা হৈছিল। পুৰুষ কৰ্মীসকলক যুদ্ধৰ কামত নিয়োগ কৰিব লগা হোৱাত আমেৰিকা আৰু ইউৰোপৰ উদ্যোগবোৰ বন্ধ হৈ গৈছিল। উদ্যোগবোৰ কাৰ্যক্ষম কৰিবলৈ বিকল্প ব্যৱস্থা ল’ব লগাত পৰিছিল। যুদ্ধত প্ৰয়োজনীয় সা-সৰঞ্জাম নিৰ্মাণ কৰিবলৈ দা ৱাৰ মেন কমিছন গঠন কৰিছিল। এই ৱাৰ মেন কমিছনে যুদ্ধত লাগতিয়াল সঁজুলি নিৰ্মাণ কৰিবলৈ উদ্যোগবোৰত নাৰীক শ্ৰমিক হিচাপে নিয়োগ কৰিছিল। বৰ্তমান ইউৰোপ আৰু আমেৰিকাৰ উদ্যোগবোৰত নাৰীক পুৰুষতকৈ অধিক পৰিশ্ৰমী আৰু কাৰ্যক্ষম হিচাপে গণ্য কৰিছে। প্ৰতিটো পৰিয়াল মাতৃগৰাকীক কেন্দ্ৰ কৰিয়েই পৰিচালিত হৈ থাকে। নাৰী গৰাকীয়ে যদি পৰিয়ালৰ সকলোকে নৈতিক গুণেৰে সমৃদ্ধ কৰাৰ বলিষ্ঠ পদক্ষেপ লয়, তেনেহ’লে নৈতিক স্খলন আৰু দুৰ্নীতিৰ কবলৰ পৰা দেশ মুক্ত হ’ব পাৰিব। বৰ্তমান ৰাষ্ট্ৰসংঘয়ো সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক প্ৰক্ৰিয়াত আগভাগ ল’বলৈ নাৰীসকলৰ অধিকাৰক স্বীকৃতি দিছে। বৰ্তমান সমাজত সঘনাই ঘটি থকা অপৰাধবোৰৰ ভিতৰত নাৰীজনিত অপৰাধৰ সংখ্যাই হ’ল অতিকৈ বেছি। নাৰী স্বাধীনতা আৰু নাৰীৰ সুৰক্ষাৰ বাবে বিভিন্ন ঠাইত সভা-সমিতি, প্ৰতিবাদ কাৰ্যসূচী, ধৰ্মঘট পালন কৰি আহিছে যদিও ফলপ্ৰসূ হোৱা নাই। বৰং অপৰাধৰ সংখ্যা দিনকদিনে বাঢ়িহে গৈছে। নাৰীৰ ক্ষেত্ৰত আমাৰ সমাজখন সহনশীল হ’ব পাৰিব লাগিব। কিছুমান নাৰীয়ে আমাৰ সমাজত সমতা বিচৰা আৰু পুৰুষৰ আতিশয্যৰ বিৰুদ্ধে প্ৰতিবাদ কৰাটো নাৰীসুলভ স্বভাৱ নহয় বুলি ভাবে। নাৰীৰ এনেকুৱা মানসিকতাৰ পৰিৱৰ্তন হোৱাৰ প্ৰয়োজন। স্বাধীনতা লাভ কৰাৰ পিছতো, আমাৰ দেশত এনেক আইনী অধিকাৰ আৰু সাংবিধানিক অধিকাৰ থকা স্বত্বেও নাৰীসকল পুৰুষতান্ত্ৰিক ব্যৱস্থাৰ বলি হয়। নাৰীসকলৰ অৱদানক সমাজে স্বীকৃতি দিয়া উচিত। এখন সুস্থ সমাজ তেতিয়াহে সম্ভৱ যেতিয়া নাৰীসকলৰ স্বাভিমানক গুৰুত্ব দিয়া হয়। বৰ্তমান আমাৰ আধুনিক সমাজত নাৰীয়ে সাহিত্য, খেলা-ধূলা, শিক্ষা-দীক্ষা, শিল্পকলা, সংস্কৃতি, বিজ্ঞান, ৰাজনীতি আদিত যথেষ্ট পাৰদৰ্শিতা দেখুৱাইছে। আমাৰ সমাজত নাৰীৰ প্ৰতি মনোবৃত্তি এতিয়াও সংকীৰ্ণ হৈয়ে আছে। ভাৰতীয় পুৰুষ প্ৰধান সংস্কৃতিত এতিয়াও পুৰুষৰ সম অধিকাৰ পোৱাৰ সমৰ্থ হোৱা নাই, যদিও সম অধিকাৰ থকা বুলি কোৱা হয়। নাৰী আৰু পুৰুষক ভিন্ন কৰি বিভিন্ন কাৰ্যৰপৰা আমাৰ সমাজে এতিয়াও নাৰীক বঞ্চিত কৰে। নাৰীয়ে প্ৰকৃত মৰ্যাদা নাপালে সমাজৰ কেতিয়াও উন্নতি নহ’ব।

৪.৩:ভাৰতীয় নাৰী আৰু সাংবিধানিক সুৰক্ষা

ভাৰতীয় সংবিধানে নাৰীক সকলো দিশৰ পৰা সুৰক্ষা দিবলৈ চেষ্টা কৰি আহিছে । ভাৰতীয় সংবিধানে বিভিন্ন অনুচ্ছেদ আৰু মৌলিক অধিকাৰ সমূহৰ দ্বাৰা সকলো নাগৰিককে ১৯৫০ চনত মৰ্য্যদাপূৰ্ণভাবে জীয়াই থকাৰ অধিকাৰ দিছিল আৰু পুৰুষ মহিলা উভয়ে বৈষম্যহীন ভাবে নিজৰ অধিকাৰ সমূহ স্বাচ্ছন্দ্যে উপভোগ কৰিব পৰাকৈ লিংগ বৈষম্য নাশ কৰিছিল । এই কাম বাস্তৱায়িত কৰিবৰ কাৰণে ১৯৯৩ চনত অৰ্থনৈতিক, সাংস্কৃতিক আৰু সামাজিক অধিকাৰৰ আন্তৰাষ্ট্ৰীয় চুক্তি “চিড” অনুমোদন কৰিছিল যাৰ দ্বাৰা মহিলাৰ বিৰুদ্ধে সকলো বৈষম্যমূলক আচৰণ বিলুপ্তি কৰা হৈছিল আৰু ভাৰতবর্ষ আন্তৰাষ্ট্ৰীয় ভাবে মহিলাৰ সমস্যাসমূহ সমাধানৰ বাবে দায়বদ্ধ হৈ পৰিলএই চুক্তি খনেই একমাত্ৰ মানৱ অধিকাৰ চুক্তি, যি মহিলাৰ, মানৱ অধিকাৰৰ ওপৰত আলোক পাত কৰিছিল।  ৩০ টা অনুচ্ছেদ থকা এই চুক্তিৰ দ্বাৰা ৰাষ্ট্ৰখন পাৰিবাৰিক নিৰ্য্যাতন, যৌন নিৰ্য্যাতন, আদিৰ বাবে প্ৰতিৰোধ মূল, শাস্তিমূলক আৰু প্ৰতিকাৰ ব্যৱস্থাৰ প্ৰতিবেদন দিয়াৰ বাবে দায়বদ্ধ হ’ল । মহিলাৰ বিৰুদ্ধে বৈষম্যমূলক আচৰণ, দুৰীকৰণৰ প্ৰয়োজনীয় ব্যৱস্থা, ৰাজনৈতিক, অৰ্থনৈতিক, সাংস্কৃতিক ক্ষেত্ৰত পুৰুষৰ সৈতে সমানে মৌলিক স্বাধীনতা নিশ্চিত কৰা, লিংগ ভিত্তিক সামাজিক আৰু সাংস্কৃতিক ভাবে যি হীনমন্যতা বা উচ্চসিকা মনোভাব পোষন কৰা হয় তাক হ্ৰাস কৰা, আন্তৰ্জাতিক ক্ষেত্ৰত মহিলাৰ অংশগ্ৰহণ, আইনৰ দৃষ্টিত পুৰুষ মহিলাৰ সমতা স্থাপনত গুৰুত্ব দিয়া, শিক্ষাৰ ক্ষেত্ৰত সহশিক্ষা,সম জলপানি,সমশিক্ষা অনুদান,খেলা ধূলাত সম সুযোগ প্ৰদান,গ্ৰামীন মহিলাৰ উন্নতীকৰণ,মহিলাৰ স্বাস্থ্যৰ ক্ষেত্ৰত বৈষম্যমুলক মনোভাৱৰ বিৰুদ্ধাচৰনকে ধৰি কৰা  চুক্তিখন যদিহে কাৰ্য্যক্ষেত্ৰত সফল ৰুপায়িত হলহেতেন, তেতিয়াহলে মহিলাৰ সম অধিকাৰ তথা সমমৰ্য্যদা প্ৰদানত কোনো বাধা নাথাকিলহেঁতেন। নাৰীয়ে পুৰুষৰ সমানে সমানে খোজ দিবলৈ পিছ নোহোকিলে হেতেন ।

মহিলা সকলে ন্যায় বা সমতা কোনো কাৰণতে পোৱা নাছিল , নাছিল কোনো আত্মপ্ৰকাশৰ সুবিধা । মহিলা সকল নিজ ঘৰতে অত্যাচাৰৰ সন্মুখীন হৈছিল । ১৯৮৩ চনলৈকে মহিলাৰ ওপৰত নিজৰ ঘৰত হোৱা অত্যাচাৰ প্ৰ্তিৰোধকাৰী কোনো আইনীব্যৱস্থা নাছিল। ১৯৮৮ চনত সংযোজন হোৱা ৩০৪(খ)নামৰ এক আইন  খনৰ ধাৰা অনুসৰি বিয়া হোৱাৰ সাতবছৰৰ ভিতৰত এগৰাকী মহিলাৰ স্বামীৰ ঘৰত অস্বাভাবিক ভাবে মৃত্যু হলে ফৌজদাৰী অপৰাধ ৰুপে গন্য কৰা হৈছিল। ১৯৮০ চনৰে পৰা মহিলাৰ ন্যায় নিশ্চিত কৰিবৰ বাবে দেশত বিভিন্ন মহিলা সংগঠনে আন্দোলন চলাই অহিছিল।সেই আন্দোলনৰ ফলত ২০০৫ চনত “পাৰিবাৰিক নিৰ্যাতনৰ পৰা মহিলাৰ সুৰক্ষা”আইনখন গৃহীত হৈছিল।এই মহিলাৰ সুৰক্ষা আইনখনৰ প্ৰ্ধান উদ্দেশ্য আছিল এগৰাকীমহিলাৰ অধিকাৰ,নিশ্চিত কৰা। ভাৰতবৰ্ষৰ আইনৰ ইতিহাসত পোন প্ৰথম বাৰৰ বাবে উক্ত আইনখনে এগৰাকী মহিলাক ঘৰ এখনত বাস কৰাৰ সম্পূৰ্ন অধিকাৰ প্ৰদান কৰিলেও নাৰীয়ে কোনো দিনে মুক্ত মনে ঘৰখনত চলা-ফুৰা কৱিব পৰা নাছিল । বিভিন্ন অযুহাত উলিয়াই এগৰাকী নাৰীক শাৰীৰিক তথা মানসিক ভাৱে উৎপীড়ন চলাই গৈ থকা হ’ল যাৰ কাৰণে এগৰাকী নাৰী পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাত হৈ পৰিল কাম কৰা যন্ত্ৰ অথবা যৌন ক্ষুধা নিৱাৰণৰ আহিলা। সামাজিক অনুশাসন নাইবা পৰিয়ালৰ আত্মসন্মানৰ কথা চিন্তা কৰি নাৰী বাকৰুদ্ধ হ’বলৈ বাধ্য হৈ পৰে যাৰ কাৰণে সকলো থাকিও আত্মহননৰ দৰে নিজক শেষ কৰাৰ পন্থা  বাছি লবলৈ বাধ্য হৈ পৰে।

৫: উপসংহাৰ  

নাৰীৰ প্ৰতি থকা শাসনকাৰী মনোভাৱ পুৰুষ সমাজৰ পৰা আঁতৰ হোৱা নাই। সময়ৰ লগে লগে নাৰী সকল আগবাঢ়ি যাবলৈ চেষ্টা কৰিছে   যদিও ৰখীয়া এজন নহ’লে চলা-ফুৰা কৰাটো বর্তমানেও  এটা সপোনৰ দৰেই হৈ আছে। আমাৰ দেশত পৰ্যাপ্ত সুবিধা থকা সত্ত্বেও নাৰীসকল শিক্ষা-দীক্ষাৰ ক্ষেত্ৰত বহু পিছ পৰি থকা দেখা যায়। সর্বশিক্ষাই ঢুকি নোপোৱা অথবা  নিজৰ নামটো লিখিব নজনা মহিলা আমাৰ সমাজত এতিয়াও আছে। এমুঠি নাৰী শিক্ষিত আৰু সুৰক্ষিত হ’লেই নাৰী মুক্তি বুলি ক’ব নোৱাৰি। নাৰীৰ ওপৰত আজিও শাৰীৰিক আৰু মানসীক উৎপীড়ন চলে । কুসংস্কাৰৰ বলি হয় নাৰী, পুৰুষৱ কামনাৰ বলি হ’য় নাৰী । বাছি নাযায় নাবালিকাও ।  আজি সংসদ আৰু বিধানসভাত মহিলাৰ ৩৩ শতাংশ আসন সংৰক্ষণৰ বিধেয়কখন গৃহীত হ’ল যদিও ১১ শতাংশতকৈ অধিক মহিলাই প্ৰতিনিধিত্ব কৰিবলৈ সক্ষম হোৱা নাই। একদৰে ঘৰে ঘৰে নাৰীসকলেই লিগিৰী হৈ কটাব লগা হৈছে।

ভাৰতবৰ্ষত মহিলাৰ বাবে যদিও কেইবাখনো আইন আছে,কিন্তু বাস্তৱ ক্ষেত্ৰত পাৰিবাৰিক নির্য্যাতনৰ বিষয়টোৱে এতিয়াও সম্পুৰ্ণৰূপে ৰাজনৈতিক গুৰুত্ব লাভ কৰিব পৰা নাই।২০০৮ চনত ভাৰত চৰকাৰে দাখিল কৰা তথ্যৰ ভিত্তিত ৰাষ্ট্ৰসংঘৰ সামাজিক,আৰ্থিক,সাংস্কৃতিক অধিকাৰৰ সমিতিখনে মন্তব্য কৰিছিল যে ২০০৫ চনত পাৰিবাৰিক নিৰ্যাতনৰ পৰা মহিলাৰ সুৰক্ষাৰ আইনখন বলবৎ হোৱাৰ পিচতো বৃহৎ সংখ্যক মহিলা নিৰ্যাতনৰ বলি হব লগা হৈ আছে। ইয়াৰ মূলতে হৈছে মহিলা সকলৰ মাজত আইনী সজাগতা বৃদ্ধি পোৱা নাই। ফলত আইনেও মহিলা সকলৰ সুৰক্ষা দিয়াত ফলৱৰ্তী হোৱা নাই।

ভাৰতত বসবাস কৰা সকলো নাগৰিকৰ সমান অধিকাৰ,সমান মৰ্যদা আৰু আইনগত সুৰক্ষা আৰু সাংবিধানিক অধিকাৰ আছে। দুৰ্ব্বল শ্ৰেনী হিচাপে নাৰীসকল শোষিত বা নিৰ্যাতিত হয়।এনে শোষন নিৰ্য্যাতনৰ বিৰুদ্ধে সাংবিধানিক সুৰক্ষা দিয়াৰ ব্যৱস্থা আছে। জাতি ধৰ্ম বৰ্ন লিংগকে ধৰি পুৰুষ মহিলা কোনো যাতে বৈষম্যৰ বলি হৈ কোনো কৰ্ম সংস্থাপন সুবিধাৰ পৰা বঞ্চিত হয় তেনেহলে সাংবিধানিক সুৰক্ষা পোৱাৰ ব্যৱস্থা আছে। একেধৰনৰ কামৰ বিনিময়ত পুৰুষ আৰু মহিলাই সমাহাৰত পাৰিশ্ৰমিক লাভ কৰাতো বাধ্যতামূলক। পুৰুষৰ দৰে মহিলাও বৰ্হিজগতত কৰ্মক্ষেত্ৰতত কাম কৰি জীৱন নিৰ্বাহঅৰ বাবে সমানে সা-সুবিধা পাব পাৰে। শিক্ষাৰ অধিকাৰ পুৰুষ মহিলা সকলোৰে সমান। দেশৰ সকলো নগৰিকে সমানভাবে ন্যায় পাব লাগে। ভাৰতৰ সাংবিধানে বিভিন্ন অনুচ্চেদত নাৰীৰ বাবে আৰু বহু সুৰক্ষা প্ৰ্দান কৰিছে।কিন্তু পিতৃতান্ত্ৰিক সমাজব্যৱস্থাত তাক সুচাৰুৰুপে পালন কৰাত বাধা আহি পৰে।২০২৫(vision document)মহিলা আৰু শিশুৰ বাবে অসম চৰকাৰে যদিও বহুতো আঁচনি লৈছে বহুক্ষেত্ৰত উন্নয়ন হৈছে,যদিও লিংগভিত্তিক সবলিকৰন ভাৰতৰ গঢ়হাৰৰ তুলনাত যথেষ্ট নগন্য।লিংগবৈষম্য থকা সমাজত মহিলাৰ ওপৰত নিৰ্যাতন হোৱাৰ সম্ভাবনা বেছি।

স্বাধীনতা মানে যে নিজৰ ইচ্ছা মতেই সকলো কাম কৰাতো নুবুজায়, সেইটো প্ৰথমে স্পষ্টকৈ আলোচিত হ'ব লাগে। নহলে পুৰুষৰ দৰেই স্বাধীনতা উপভোগৰ নামত এচাম নাৰীও উদণ্ড হৈ উঠিব। ফলত নাৰী স্বাধীনতাৰ নামত সমাজত অশান্তি দুগুণে বৃদ্ধিহে হ'ব। বর্তমান সময়টো হৈছে গোলকীকৰণৰ সময় । পৃথিৱীৰ ইটো মূৰৰ যিকোনো বস্তু অতি কম সময়ৰ ভিতৰতে আমি  হাতত পাব পাৰো । বিভিন্ন বিজ্ঞাপন বিলাকে নাৰীৰ মন সহজতে আকর্ষিত কৰে । বজাৰৰ ৰং-বিৰং বিজ্ঞাপনে যাতে নাৰীক প্ৰলোভিত কৰি ঘৰ এখন বিপদৰ মুখে গতি কৰিব  নোৱাৰে তাৰ বাবে নাৰীসকলৰ আত্মবিশ্বাস দৃঢ় কৰি তুলিব লাগে। নিজৰ  কৰ্মক্ষেত্ৰবোৰ নাৰীসকলক নিজে সামৰ্থ্য আৰু দক্ষতা অনুসৰি বাচি ল'ব দিব লাগে। ৰাজহুৱা স্থানত পুৰুষ সকলে মহিলাক সন্মান দিবলৈ শিকিব লাগে । নাৰীয়ে যাতে কোনো কাৰণতে হীনমন্যতাত ভূগি আত্মহনন দৰে পথ গ্ৰহণ  কৰিব লগা নহয় তাৰ প্ৰতি চকু দিয়াৰ লগতে নাৰী গৰাকীক সাহস যোগাব লাগে ।নাৰীক আক্ৰমণ বা অপদস্থ কৰা সকলো পুৰুষক কঠোৰতকৈ কঠোৰতম  শাস্তি বিহিব লাগে যাতে তেনে অসৎ লোকৰ লগতে বেলেগেও যাতে নাৰীক অশালীন ব্যৱহাৰ কৰিবলৈ সাহস নকৰে । ৰাজহুৱা স্থান মহিলাৰ বাবে শৌচাগাৰ-প্ৰছাৱগাৰৰ সুৰক্ষিত ব্যৱস্থা নিশ্চিত কৰিব লাগে।সদৌ শেষত কব পাৰি যে  সামাজিক উন্নয়নমূলক সকলো চৰকাৰী আঁচনিৰ বিষয়ে মহিলা সকলক বিতংকৈ অৱগত কৰোৱাৰ লগতে অংশগ্ৰহণ নিশ্চিত কৰাৰ উদ্দে্‌শ্যে সজাগতা সভা-কৰ্মশালাৰ আয়োজন কৰিব লাগে কাৰণ সংসাৰৰ সকলো দুখ-যাতনাত মানৱ জাতিক শান্তিৰ শীতল ছাঁয়াত ৰাখিব পাৰে কেৱল নাৰীয়েহে। সেয়েহে নাৰীক পুৰুষৰ সমানে আগুৱাই নিব নোৱাৰিলে এটা জাতিৰ সবাংগীন উন্নতিৰ কথা কল্পনা কৰিব নোৱাৰি ।

প্ৰসংগ পুথি :

মহিলা সুৰক্ষা আইন কিমান নিৰ্ভৰযোগ্য? , যুতিমণি বৰদলৈ, পূৰ্বাচল, http://as.vikaspedia.in/social-welfare/SamajikSajagata/9ae9b99bf9b29be-9b89c19f09959cd9b79be-9869879a8-9959bf9ae9be9a8-9a89bf9f09cd9ad9f09af9979cd9af

সমাজত নাৰীৰ স্থান,প্ৰতিভা দেৱী, http://as.vikaspedia.in/social-welfare/SamajikSajagata/9b89ae9be99c9a4-9a89be9f09c09f0-9b89cd9a59be9a8

ইতিহাসৰ পাতত নাৰীৰ সামাজিক স্থান : এক তুলনামূলক পৰ্যালোচনা (মঞ্জিৰা ডেকা), সাহিত্য ডট অৰ্গ May 15, 2017

নাৰী সবলীকৰণ আৰু সামাজিক অন্তৰায়, হাচান উল্লাহ , জনমভূমি , March 8, 2019 , https://janambhumi.in/VFdwck1FMVVVVDA9

নাৰীৰ বিষয়ে কিছুমান সাহসী মন্তব্য,  December 26, 2012 0 Comments নাৰী, লীলাধৰ বৰা, শশী থাৰুৰ : https://nilacharai.com/naarir-bixaye/







 

Comments

Popular posts from this blog

Causes of Earthquake

DEITIES OF AHOM