সামাজিক পৰিবর্ত্তন আৰু দ্বা-বিংশ শতিকাৰ ভাৰতীয় নাৰী: জীৱনৰ ৰং সন্ধানৰ পৰা আত্মহননলৈ
সামাজিক পৰিবর্ত্তন আৰু দ্বা-বিংশ শতিকাৰ ভাৰতীয় নাৰী: জীৱনৰ ৰং সন্ধানৰ পৰা আত্মহননলৈ ১: প্ৰস্তাৱনা নাৰী মানৱজাতিৰ আয়ুসৰেখা । নাৰীৰ অবিহনে পৃথিৱীত সৃষ্টিৰ গতিশীলতা কোন দিশে ধাৱমান হ’ব তাক অনুমান কৰিব নোৱাৰি । নাৰীৰ অবিহনে নাথাকিব জীৱন অথবা নাথাকিব কোনো সমাজ ।মানৱ জাতিৰ সৃষ্টিৰ ঘাই শিপাডালেই হৈছে নাৰী। নাৰী অবিহনে পৃথিৱীৰ সকলো অস্তিত্বহীন, অন্তঃসাৰশূন্য। নাৰীক সৃষ্টিৰ মূল চালিকা শক্তি হিচাপে গণ্য কৰা হয়। এটা সিকিৰ দুটা ফালৰ দৰে নাৰী আৰু পুৰুষ পৃথিৱীৰ এক অবিচ্ছেদ্য অংগ। নাৰী অবিহনে পৃথিৱীত এখন সফল সমাজ গঢ় দিব নোৱাৰি। ফুলৰদৰেই কোমল নাৰীৰ জীৱনটো সংঘাত বিহীন কৰি সৰ্বগুণেৰে অলংকৃত কৰি আগুৱাই নিয়াত আমাৰ সমাজ আৰু অভিভাৱকসকলৰ দায়িত্ব অপৰিসীম। নাৰীক কোৱা হ’য় মমতাময়ী, কৰুণাময়ী । আদৰ্শ, দয়া, মমতা, সহনশীলতা, ধৈৰ্য, ত্যাগ আদি বিভিন্ন গুণৰ অধিকাৰী নাৰী। বৈদিক যুগৰে সমাজে পৰা নাৰীক সমাজত উচ্চ স্থান দি আহিছে । হিন্দু ধর্মত নাৰীক দেৱী ৰূপে পূজাও কৰা হ’য় , যাৰ কাৰণে গোৱা হয় যে- “য়া দেবী সর্বভূতেষু বিষ্ণুমায়েতি শব্দিতা । নমস্তস্যৈ নমস্তস্যৈ নমস্তস্যৈ নমো নমঃ” । নাৰীক